বিভৎস শব্দ, চকুৰ পলকতে ধ্বংসস্তুপত পৰিণত নয়ডাৰ টুইন টাৱাৰ

Share
নিউজ ডেস্ক, ২৯ আগষ্ট: দীৰ্ঘ দিনীয়া আইনী যুঁজৰ অৱসান ঘটাই ধ্বংসস্তুপত পৰিণত গগণচুম্বী টুইন টাৱাৰ। মহামান্য আদালতৰ ৰায়দানত পোহৰলৈ আহিল টুইন টাৱাৰ অবৈধভাৱে নিৰ্মিত হৈছিল। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ বিশেষজ্ঞৰ পৰিকল্পনা মতেই ধ্বংস কৰি দিয়া হ’ল ২৯ মহলাযুক্ত কেয়ান আৰু ৩২ মহলাযুক্ত এপেক্স নামৰ টুইন টাৱাৰটো। 
তথ্য মতে, এই ব্যয়ৰ ৫ কোটি টকা ছুপাৰটেকে বহন কৰাৰ বিপৰীতে বাকী ১৫ কোটি টকা টুইন টাৱাৰৰ ধ্বংসাৱশেষৰ পৰা আদায় কৰা হ’ব। টুইন টাৱাৰটো উৰুৱা প্ৰক্ৰিয়াত ১০০ জন কৰ্মীক ব্যৱহাৰ কৰা হৈছিল। 
২০১২ চনৰ সময়ছোৱাত এলমাৰ্ডৰ বাসিন্দসকলে এলাহাবাদ উচ্চ ন্যায়লয়ত টুইন টাৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ফলত ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে আবাসীসকলৰ সপক্ষে ৰায় দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত বিষয়টো উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায়। শেষত ২৮ আগষ্ট দেওবাৰে মাত্ৰ ৯ ছেকেণ্ডৰ ভিতৰতে ধূলিৰ ধুমুহা সৃষ্টি কৰি ধ্বংসস্তুপত পৰিণত হয় গগণচুম্বী টুইন টাৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *