লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ আক্ৰমণত আহত ৩ বনকৰ্মী

Share
ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ উত্তৰাঞ্চলত অৱস্থিত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যত আজি পুৱাৰ ভাগতে এজাক চোৰাং মাছমৰীয়াৰ দলে আক্ৰমণ কৰে অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীৰ দল এটাক ৷ এই আক্ৰমণটো ঘটিছে লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিৱিৰ এলেকাৰ বনকৰ্মীসকলে নিয়মীয়া পহৰা দি থকাৰ সময়ত ৷
চোৰাং মাছমৰীয়া দলটোক নেতৃত্ব দিছে কুৰবান আলী নামৰ লোকজনে৷ চোৰাং মাছমৰীয়া দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ বনকৰ্মী৷ আহত বনকৰ্মীকেইজন হ’ল গিৰিধৰ শইকীয়া, জিয়াউৰ ৰহমান আৰু চন্দন ঘোষ৷ চোৰাং মাছমৰীয়া দলটোৰ বিৰুদ্ধে বন বিভাগে ইতিমধ্যে গড়াজান আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে ৷ এনে ঘটনাৰ সন্দৰ্ভত  বহু লোকে সন্দেহ প্ৰকাশ  কৰি কয় যে এই  ঘটনাৰ সৈতে সংশ্লিষ্ট বনকৰ্মী জড়িত নহলে অভয়াৰণ্যৰ মাজত এনে ঘটনা ঘটা সম্ভৱ নহয়. ৷ লগতে, এনে বিষয়সমূহ প্ৰশাসনক গুৰুত্বসহকাৰে ল’বলৈ দাবী জনাইছে ৰূপহীবাসীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *