ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি, সুৰাপান কৰি শিক্ষকে মাৰপিট কৰিলে ছাত্ৰক

Share
ডিজিটেল ডেস্কঃ ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি। এটা লজ্জাজনক ঘটনা, এজন শিক্ষকে মদ্যপান কৰি এজন ছাত্ৰক মাৰপিট কৰে। এই ঘটনাটোৱে নিশা বিদ্যালয় খনত  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। লগে লগে ধিং আৰক্ষী থানাত ৫০ জন মান ছাত্ৰই দুই কিলোমিটাৰ পথ খোজ কাঢ়ি সহায় বিচাৰি আৰক্ষী থানাত উপস্থিত হয়। মদ্যপান কৰি মাৰ পিট কৰা শিক্ষকজনৰ নাম জ্যোতি প্ৰসাদ গৌৰ। আঘাতপ্রাপ্ত ছাত্ৰজনৰ নাম বিকাশ দাস।আৰক্ষীয়ে ছাত্ৰজনক ধিং এফ আৰ ইউলৈ চিকিৎসাৰ বাবে লৈ গৈছে। ছাত্ৰজনৰ ঘৰ ধিঙৰ লহকৰ গাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *