জনতা ভৱনৰ ই-ব্লকত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা, বিশেষভাৱে সক্ষম কৰ্মচাৰীক  প্ৰহাৰ বিধায়কৰ

Share
ডিজিটেল ডেস্কঃ জনতা ভৱনত বুধবাৰে  সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ।বিশেষভাৱে সক্ষম কৰ্মচাৰীক জনতা ভৱনতে প্ৰহাৰ কৰিলে বিধায়কে। বিধায়ক জনে কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মচাৰীয়ে।
জানিব পৰা মতে বুধবাৰে চিদলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক। পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত জনতা ভৱনত পৰিস্থিতি উত্তাল হৈ পৰে। উল্লেখ্য যে বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰা কৰ্মচাৰী বিভূতি ভট্টাচাৰ্য বিশেষ ভাৱে সক্ষম। ঘটনাক কেন্দ্ৰ কৰি সচিবালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক জয়ন্ত বসুমাতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *