মিছাইল ভুলকৈ নিক্ষেপ কৰাৰ বাবে তিনিজন বিষয়াক বৰ্খাস্ত

Share

গুৱাহাটী,২৪ আগষ্ট:মঙলবাৰে চৰকাৰে প্ৰকাশ কৰিছে যে ব্ৰাহ্মছ মিছাইল ভুলকৈ নিক্ষেপ কৰাৰ বাবে দায়ী বায়ুসেনাৰ তিনিজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷

উল্লেখ্য যে, মাৰ্চ মাহত এই ঘটনা সংঘটিত হোৱাৰ পিছত ভাৰতে দুখ প্ৰকাশ কৰে। সেই সময়ত ইয়াৰ আঁৰৰ প্ৰযুক্তিগত বিকাৰৰ কথা কোৱা হৈছিল। পাকিস্তানে দাবী কৰিছে যে এই ক্ষেপণাস্ত্ৰটোৱে নিজৰ আকাশমাৰ্গৰ পৰা ১০০ কিলোমিটাৰৰ ভিতৰত শব্দৰ তিনিগুণ বেগেৰে আঘাত কৰে।

তদুপৰি বিস্ফোৰক নথকাৰ বাবে ক্ষেপণাস্ত্ৰটো বিস্ফোৰণ নহল।এই ঘটনাৰ সন্দৰ্ভত ইছলামবাদে পাকিস্তানত থকা ভাৰতৰ প্ৰতিনিধিক মাতি পঠায়। ভাৰতীয় আকাশমাৰ্গৰ অপ্ৰৰোচিত উলংঘাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। পাকিস্তানেও এই ঘটনাত তদন্ত আৰম্ভ কৰে। তদন্ত প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ত ক্ষেপণাস্ত্ৰটোৱে যাত্ৰীবাহী বিমানত খুন্দা মাৰিলে হেতেঁন লগতে সাধাৰণ মানুহৰ মৃত্যুৰ মুখত পৰিল হেতেঁন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *