বাংলাদেশত বিদ্যুতৰ চৰম নাটনি, স্তব্ধ অ’ফিচ-কাৰ্যালয়ৰ কাম-কাজ

Share
ডিজিটেল ডেস্কঃ  শ্ৰীলংকাৰ পিছত এইবাৰ বাংলাদেশ। বাংলাদেশত বিদ্যুতৰ চৰম নাটনি। একেলগে অভাৱনীয় হাৰত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। যাৰ বাবে এতিয়া বাংলাদেশৰ সাধাৰণ জনতাই মূৰে কপালে হাত দিব লগীয়া হৈছে। আনহাতে, বাংলাদেশত বিদ্যুতৰ চৰম নাটনি হোৱাৰ বাবে  চৰকাৰী কাৰ্যালয়ৰ কৰ্ম সময়ৰো ব্যাপক সাল সলনি কৰিছে চৰকাৰে।
চৰকাৰী কাৰ্যালয় সমূহ ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ আৰু বেংকৰ কাম কাজসমূহ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব। লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সপ্তাহত দুদিনকৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশ চৰকাৰে। উল্লেখ্য যে এই সিদ্ধান্ত আজিৰে পৰা কাৰ্যকৰী কৰা হ’ব বুলি ঘোষনা কৰিছে বাংলাদেশ চৰকাৰে। লগতে,বাংলাদেশত ইন্ধনৰ দাম ৫২ শতাংশলৈ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে বাংলাদেশ চৰকাৰে এনেধৰণৰ সিদ্ধান্ত গ্ৰহন ।

Leave a Reply

Your email address will not be published. Required fields are marked *