গুৱাহাটীত কাৰ্যকৰী হ’ব ২০ টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট

Share

নিউজ ডেস্কঃ আজিৰে পৰা মহানগৰীত কাৰ্য্যকৰী কৰা হ’ব ২০ টা কৈ অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট। এই অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট আজি উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, এই ট্ৰেফিক ছিগনেল ব্যৱস্থাত দুটাকৈ চিচিটিভি কেমেৰা সংযোজিত কৰা হ’ব। ইয়াৰে এটা চিচিটিভি কেমেৰাই বাহনসমূহৰ নম্বৰপ্লেট, জেব্ৰা ক্ৰছিং নিৰীক্ষণ কৰিব আৰু আনটো চিচিটিভি কেমেৰাই ৰাজপথৰ ভিজুৱেল বন্দী কৰিব।

উল্লেখ্য যে এই নিয়ম অমান্য কৰিলে অমান্যকাৰীলৈ অনলাইনযোগে যাব  ই-চালান। স্মাৰ্ট চিটি গঢ়াৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *