জ্যোতি চিত্ৰবনত দৃশ্য শ্ৰাব্য হাব উদ্বোধন মুখ্যমন্ত্ৰীৰ

Share

নিউজ ডেস্কঃ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত এটা নতুন দৃশ্য শ্ৰাব্য হাব উদ্বোধন কৰে। দৃশ্য শ্ৰাব্য হাবটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ” এতিয়াৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাণৰ সকলো দিশ জ্যোতি চিত্ৰবনতে সমাপন কৰা হ’ব। প্ৰযোজক-পৰিচালকসকলে মুম্বাই বা চেন্নাইলৈ নোযোৱাকৈ চলচ্চিত্ৰ নিৰ্মাণৰ সকলো সুযোগ-সুবিধা ইয়াতে লাভ কৰিব। শেহতীয়া পৰ্যায়লৈকে উদ্ভাৱন হোৱা উচ্চ প্ৰযুক্তিবিদ্যাৰ সুযোগো ইয়াতে পাব। ‘পষ্ট প্ৰডাকচন’ ৰ কাম ইয়াতে সমাধা হ’ব। ৯.১ শব্দ যন্ত্ৰ ডি-ৱান ৰঙৰ পৰিশুদ্ধি প্ৰক্ৰিয়াৰ  কামো ইয়াতে হৈ উঠিব।” লগতে তেওঁ ঘোষণা কৰে যে একেলগে ১৫ শ দৰ্শক বহিব পৰা এটা প্ৰেক্ষাগৃহও জ্যোতিচিত্ৰবনত নিৰ্মাণ কৰা হ’ব।

এই উদ্বোধনী অনুষ্ঠানটিত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে,” দৃশ্য শ্ৰাব্য হাবে চলচ্চিত্ৰ নিৰ্মাণত বিশেষ সহায় কৰিব। অসমলৈ খ্যাতি কঢ়িয়াই অনা চলচ্চিত্ৰৰ ক্ষেত্ৰত জ্যোতিচিত্ৰবনৰ বিশেষ অৱদান আছে।”

এই অনুষ্ঠানটিত জ্যোতি চিত্ৰবন ফিল্ম ছ’চাইটিৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, পবিত্ৰ মাৰ্ঘেৰিটা, মৃদুলা বৰুৱা আদিকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *