খৰাঙৰ কবলত ৰাজ্য, পানীৰ অভাবঃ কৃষকে পথাৰত কৰিব পৰা নাই ধানৰ খেতি

Share
ডিজিটেল ডেস্কঃ এতিয়া খৰাঙৰ কবলত ৰাজ্য। কঠীয়াতলীত পানীৰ অভাৱ। বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে সমূহীয়া কঠীয়া তলিৰ ব্যৱস্থা কৰাৰ পাছতো  আশা কৰা ধৰণে কৃষকসকল উপকৃত হোৱাৰ পথ প্ৰশস্ত নহ’ল। পানীৰ অভাৱত বহু কৃষকে পথাৰত ৰুব পৰা নাই ধানৰ খেতি। বতৰে পুনৰ বিধি -পথালি দিয়াৰ ফলত কঠীয়াতলীতেই ৰোৱাৰ অনুপযোগী হৈ পৰিছে কঠীয়া। সমূহীয়া কঠীয়াতলীত কঠীয়া ৰোৱাৰ সময় কেতিয়াবাই উকলিল।
উজনিত ভূঁই ৰোৱা কিছু আগবাঢ়িলেও নামনি আৰু মধ্য অসমত হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰিল। ইফালে এতিয়া কঠীয়া ৰুলেও সেই কঠীয়াৰ পৰা উপযুক্ত ফচল লাভ কৰা পথ অস্পষ্ট হৈ পৰিছে। বিশেষকৈ নামনি অসম আৰু মধ্য অসমত এই প্ৰভাৱ বেছিকৈ দেখা যায়। নামনি আৰু মধ্য অসমত বানে ক্ষতিগ্ৰস্ত কৰাৰ পাছত সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়া খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকসকল আন এক সমস্যাৰ সন্মুখীন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *