নিউজ ডেস্কঃপানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে উজলিল অসমৰ হৰ্ষিতা গগৈ। পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনৰ দ্বাৰা আমেৰিকাত নিজৰ নাম উজলাবলৈ সক্ষম হ’ল পৰিৱেশ বিজ্ঞানী অসম কন্যা ড৹ হৰ্ষিতা গগৈ। এই প্ৰযুক্তিৰ জৰিয়তে জৈৱ ব্যৱস্থাপনাৰ দ্বাৰা বৰ্জিত পানীও শোধন কৰিব পৰা যাব।
ড৹ হৰ্ষিতা গগৈৰ ঘৰ গুৱাহাটীত। গুৱাহাটীতে নিজৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লগতে পি এইছ ডি ডিগ্ৰীও অৰ্জন কৰে।