ডিজিটেল ডেস্কঃ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে । সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে মাধ্যম সলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি অদ্ভুত পাগলামী কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই।
লগতে এজন শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী কেনেকৈ এখন প্ৰাইভেট স্কুলৰ ফাউণ্ডাৰ হব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে। লগতে ঠেলাৱালা,ৰিক্সাৱালাক সন্মান দিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ স্কুলত ঠেলাৱালা,ৰিক্সাৱালাৰ সন্তানক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে।