মুক্তি পালে আন এখন নতুন অসমীয়া চলচিত্ৰ ‘অমিতাভ’

Share

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চিনেমাপ্ৰেমীসকলৰ বাবে মুক্তি পালে নতুন অসমীয়া ‘অমিতাভ’। শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিলে চিনেমাখনে। সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত নিৰ্মাণ কৰা হৈছে। এই চিনেমাখন মুখ্যত এজন শিক্ষক আৰু গাঁৱৰ মাজত চলি অহা জলন্ত সমস্যাসমূহৰ ওপৰত নিৰ্মাণ কৰা হৈছে। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সৰপাৰা গাঁৱৰ উদিয়মান যুৱক আৰু সাংস্কৃতিক কৰ্মী হিচাপে সুনাম থকা দিৱস দৰ্শনৰ এই চিনেমা খনৰ পৰিচালক। 

উল্লেখ্য যে এই চিনেমাখনত অভিনয় কৰিছে কিছুদিন পূৰ্বে চেন্নাইত অকাল মৃত্যুক আকোঁৱালি লোৱা অসমীয়া সাংস্কৃতিক জগতৰ উদিয়মান শিল্পী কিশোৰ দাস। আনহাতে ছবিখন দক্ষিণ কামৰূপৰ পলাশবাৰী, ৰঙামাটি, চানডুবিকে ধৰি অসমৰ মনোনহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানৰ পৰা দৃশ্যগ্ৰহণ কৰা হৈছে। 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *