নিউজ ডেস্কঃ হিমাচল প্ৰদেশৰ চিমলাত ১৩ আৰু ১৪ আগষ্টত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত অসমৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিছিল উৰিয়ামঘাটৰ প্ৰীয়া পুঁৱাৰ মগৰ, শীলা ৰায়, ৰাজ পুলামী মগৰ, তুলসী পিঠাকতে মগৰ, কল্যাণী তুৰং, বিজয় বিশ্বাস, দ্বীপ চাহ আৰু ৰাজনিশ চাহ।
এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শীলা ৰায়ে ৫২ কেজি শাখাত আৰু প্ৰিয়া পুঁৱাৰ মগৰে ৩৯ কেজি শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক লাভ কৰে। আনহাতে দ্বীপ চাহ আৰু ৰাজনিশ চাহে ব্ৰঞ্জৰ পদক আৰু কল্যাণী তুৰং, বিজয় বিশ্বাস, ৰাজ পুলামী মগৰ আৰু তুলসী পিঠাকতে ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে, অসমৰ খেলুৱৈ দলটোৱে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।