নিউজ ডেস্কঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। এই অৰুণোদয় আচঁনিৰ জৰিয়তে ৰাজ্যচৰকাৰে আৰ্থিকভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ বাবে এই অৰুণোদয় মাহ উদযাপন কৰা হ’ব। অৰুণোদয় মাহৰ জৰিয়তে সমীক্ষাকাৰী এটা দলে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ হিতাধিকাৰীসকলৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে নে নাই তাৰ ওপৰত পৰীক্ষা চলাব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ পৰা এই এমাহযোৰা আচঁনিৰ শুভাৰম্ভণি কৰে। উল্লেখ্য যে, ১৫ গৰাকী মন্ত্ৰীক ১৫ খন জিলাত এই অৰুণোদয় মাহৰ দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে প্ৰায় ২০ লাখ হিতাধিকাৰীৰ নাম এই আচঁনিত সামৰি লোৱা হৈছে। প্ৰত্যেক মাহৰ ১০ তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউন্টত ১০০০ টকাকৈ দিব। বৰ্তমান ৰাজ্য চৰকাৰে ১০০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰিছে।