শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Share

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই নতুন শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ডাম্পাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত দীৰ্ঘসময় ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে চালক।

জানিব পৰা মতে, আমিনগাওঁ অভিমুখে AS25EC3643 নম্বৰ এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা আন এখন ডাম্পাৰক খুন্দা মাৰে ফলত AS25EC3643 নম্বৰৰ গাড়ীখনৰ চফিক আলী নামৰ ২৭ বছৰীয়া চালক জন বেয়াকৈ আবদ্ধ হৈ পৰে। লগে লগে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় আৰু চালকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই। এই দুৰ্ঘটনাত গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হয় চালকজন আৰু ততালিকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *