অৱশেষত জামিন লাভ কৰিলে আমগুৰিৰ বিতোপন চাংমাই। এটা কবিতাৰ বাবেই ৰাষ্ট্রদ্রোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল যোৰহাটৰ বৰ্ষাশ্রী বুঢ়াগোঁহাই ।দুমাহ ধৰি কাৰাৰুদ্ধ হৈ আছিল বৰ্ষাশ্রী। কিন্তু বৰ্ষাশ্রীৰ ফেচবুক পোষ্টত কমেন্ট দিয়াৰ ফলত গ্ৰেপ্তাৰ হৈছিল বিতোপন চাংমাই ।
বিভিন্ন দল সংগঠনৰ লগতে বিভিন্নজনে দাবী উথাপন কৰিছিল বিতোপন চাংমাইৰ মুক্তিৰ বাবে আৰু আজি বহু প্রত্যাশিত অপেক্ষাৰ অন্তত জামিন লাভ কৰিলে ৰাষ্ট্রদ্রোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বিতোপন চাংমাই।তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ থকাত শিৱসাগৰ জিলা সত্র ন্যায়াধীশে জামিন মঞ্জুৰ কৰিলে বিতোপনৰ । শনিবাৰে মুকলি আকাশৰ তললৈ আহিব বিতোপন চাংমাই।