পুনৰ ক’ৰোনা সংক্ৰমণ, স্বাধীনতা দিৱসৰ উদযাপনৰ পিছদিনা ২০২ জন লোকৰ দেহত এই ভাইৰাছ

Share

ডিজিটেল ডেস্কঃ ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি মঙলবাৰৰ দিনটোত অসমত ২০২ টা নতুন ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। স্বাধীনতা দিৱসৰ পিছদিনাই ৰাজ্যত এই ভাইৰাছ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰতকৈ বৃদ্ধি পাইছে।বিগত দিনটোত ক’ৰোনা ভাইৰাছৰ বৃদ্ধিৰ হাৰ ৩.৬৭ শতাংশ লৈ বৃদ্ধি পাইছে। ১৫ আগষ্টৰ দিনটোত ক’ৰোনা ভাইৰাছৰ হাৰ আছিল ৩.৬২ শতাংশ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন ব্যক্তিয়েও প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই । ১৫ আগষ্টৰ দিনা সকলোৱে স্বাধীনতা দিৱস উদযাপন কৰে । অসমতো ভিন্ন ঠাইত এই দিৱস উলহ-মালহেৰে পালন কৰা হয়। ইয়াৰ পৰৱৰ্তী দিনটোত অসমৰ কেইবাজনো লোকে ক’ৰোনা ভাইৰাছ পৰীক্ষা কৰায় আৰু কিছুসংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *