পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

Share

নিউজ ডেস্ক, ১৭ আগষ্টঃএইবাৰ কামৰূপ জিলাৰ ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলায় সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাই। অভিযানকাৰীৰ দলটোৱে অভিযান চলাই ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী নামৰ এগৰাকী শিক্ষকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় ভিজিলেঞ্চৰ অভিযানকাৰী দলটোৱে। উল্লেখ্য যে, বুধবাৰে দুৰ্নীতি নিবাৰকৰ অভিযানকাৰী দলটোৱে অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে,শিক্ষাৰ সেৱা পুথি উন্নীতকৰণ আৰু এল চি জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল বুলি জানিব পৰা যায়। ভিজিলেঞ্চৰ দলটোৱে বৰ্তমান কাৰ্যালয়তে তেওঁক জেৰা চলাইছে। এই কথা জনায় সতৰ্কতা দুৰ্নীতি নিবাৰক সঞ্চাকালয় মুৰব্বী , অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *