কেজৰীৱালৰ সন্মুখত মোডীক হুংকাৰ গুজৰাটৰ যুৱক ছাহবাজ খানৰ

Share

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সন্মুখত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত ক্ষোভ উজাৰিলে
গুজৰাটৰ এজন সাধাৰণ যুৱক ছাহবাজ খানে ৷ যি সময়ত তেওঁ কলেজলৈ গৈ পঢ়াশুনা কৰিব লাগিছিল সেই সময়ত তেওঁ কাম কৰিব লগীয়া হৈছে বুলি মোডীৰ ওপৰত ক্ষোভ উজাৰি কলে গুজৰাটৰ যুৱকজনে ৷ লগতে যুৱকজনে কেজৰিৱালক কয় যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাধাৰণ মানুূহৰ কোনো ধৰনৰ কথা গুৰুত্ব নিদিয়ে কেৱল মাত্ৰ ধনী মানুহৰ কথা শুনে বুলি মোডীৰ ওপৰত তীব্ৰ ক্ষোভ যুৱকজনৰ ৷

লগতে দুৰ্নীতি শেষ কৰিম বুলি  শ্লোগান দিয়া মোডীয়ে একোৱে কাম কৰিব পৰা নাই বুলি উল্লেখ কৰে ছাহবাজ খানে ৷ আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কয় যে আপুনি কিবা এটা কৰক,আপোনাৰ দৰে লোক আমাৰ দেশক অতিকৈ প্ৰয়োজন বুলি আহ্বান কৰে ছাহবাজ খানে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *