পুনৰ কা আন্দোলনেৰে মুখৰিত হ’ব নেকি অসমৰ আকাশ ? আজিৰে পৰা ৰাজ্যত কা আন্দোলনৰ প্রতিবাদ

Share

ডিজিটেল ডেস্কঃকা আন্দোলন। যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে অসমৰ জনতাই ৰাজপথে-ৰাজপথে ওলাই আহি আন্দোলনৰ ধ্বনিৰে মুখৰিত কৰিছিল সমগ্ৰ অসমৰ আকাশ । ২০২০ চনতে আৰম্ভ হোৱা কা আন্দোলনত জাগ্ৰত হৈ পৰা পৰিলক্ষিত হৈছিল সচেতন নাগৰিকসকল । পিছে পুনৰ যেন কা আন্দোলনে নতুন মোৰ লোৱা পূৰ্ণ আশংকা। ২০২০ চনতে ৰাজ্যত আৰম্ভ হোৱা কা বিৰোধী আন্দোলন কেইবাদিনো ধৰি চলিছিল যদিও কভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছিল আন্দোলনৰ কাৰ্যসূচীসমূহ ।

পিছে শীঘ্রে বলৱৎ হ’ব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন ।কভিডৰ তৃতীয় পালি ভেকচিন সম্পূৰ্ণ হ’লেই বলৱৎ হ’ব কা’ ।এই কথা গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে জাগ্ৰত হৈ পৰিছে পুনৰ কা বিৰোধী আন্দোলনৰ বাবে ।ৰাজ্যত আজিৰে পৰা পুনৰ সমগ্ৰ উত্তৰ পূৱতে কা বাতিল কৰাৰ লগতে ভিন্ন দাবীত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে উত্তৰ পূৱ ছাত্র সন্থাকে ধৰি সদৌ অসম ছাত্র সন্থাই । উল্লেখযোগ্য যে , ২০২২ চনতে আৰম্ভ হোৱা কা বিৰোধী আন্দোলনত শ্বহীদ হৈছিল ৫ গৰাকী শ্বহীদ ।কেচাঁ তেজত বিলীন হৈ ইতিহাসৰ পাতত লিপিবদ্ধ হোৱা যি ৫ গৰাকী শ্বহীদৰ আজিও নহ’ল তদন্ত ।আনফালে, বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে পুনৰ কা আন্দোলন হোৱাতো বিচৰা নাই যদিও ৰাজ্যত পুনৰ কা আন্দোলনে নতুন মোৰ ল’ব নেকি সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *