ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ ঠাইৰ পৰা যাতে আৰু লাভলীনা, নয়নমণি ওলাওকঃ নয়নমণি শইকীয়া

Share

নিউজ ডেস্ক, ১৭ আগষ্টঃ অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমণি মংগলবাৰে ওভতিল স্বগৃহলৈ । নিজ মাতৃভূমিলৈ ওভতাৰ পাছতেই সকলোৱে আদৰেৰে সম্ভাষণ জনায় নয়নমণি শইকীয়াক । বিভিন্ন দল সংগঠন তথা গায়ন-বায়নেৰে আদৰণি জনোৱা হয় ল’নবল খেলত ভাৰতৰ হৈ খেলা খেলুৱৈ গৰাকীক ।

উল্লেখ্য যে, বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি অসমৰ বাবে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়াই । তেখেতে নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় এক উৎসৱমূখৰ পৰিৱেশ। সংবাদ মাধ্যমৰ আগত নিজ অনুভৱ ব্যক্ত কৰি স্বৰ্ণজয়ী খেলুৱৈ গৰাকীয়ে কয় যে, ‘এয়া তেওঁৰ বাবে এক ঐতিহাসিক ঘটনা। আনহাতে, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উজনী অসমত এখন ল’নবল ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনোৱা বুলি নয়নমণি শইকীয়াই জনায়।’

লগতে তেখেতে উল্লেখ কৰে যে, ‘গোলাঘাটত এখন ল’নবল খেলপথাৰ হলে মই মোৰ সকলো উজাৰি উঠি অহা প্ৰজম্নক শিকাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম । মই বিচাৰো ধনশিৰি মহকুমাৰ পৰা মোৰ দৰে, লাভলীনাৰ দৰে আৰু খেলুৱৈৰ জন্ম হওঁক।’

Leave a Reply

Your email address will not be published. Required fields are marked *