শক্তিপীঠ মা কামাখ্যাত বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ

Share

জম্মদিন উপলক্ষে অসমত উপস্থিত বলিউড তাৰকা তথা জনপ্ৰিয় অভিনেত্ৰী শ্ৰীলংকাৰ জেকলিন ফাৰ্ণাণ্ডেজ ।জন্মদিন উপলক্ষে শক্তিপীঠ মা কামাখ্যা ধামত পূজা আগবঢ়াই দেৱী মাৰ আশীৰ্বাদ লয় মোহময়ী অভিনেত্ৰীগৰাকীয়ে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কামাখ্যা দৰ্শন কৰাৰ লগতে যজ্ঞতো অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে । বলিউডৰ অভিনেত্ৰীগৰাকী গুৱাহাটীত  এনেদৰে উপস্থিত হোৱাত অনুৰাগীসকলৰ মন উৎসুকতাৰে ভৰি পৰে ।নীলাচলত অভিনেত্ৰীগৰাকীক চাবলৈ ভিৰ কৰে অনুৰাগীসকলে ।

প্ৰথমবাৰৰ বাবে অসমলৈ আহি অভিভূত হ’ল অভিনেত্ৰীগৰাকী । সাংবাদিকৰ আগত মনোভাৱ ব্যক্ত কৰি কয় যে-“বহুত বহুত ভাল লাগিলে , বহুত বহুত ধন্যবাদ ,প্ৰথমবাৰৰ বাবে আহিছো । বহুত ধুনীয়া , সুন্দৰ ঠাই, আশীৰ্বাদপূৰ্ণ” ।এনেদৰে প্ৰথমবাৰৰ বাবে অসমলৈ আহি মা কামাখ্যা দৰ্শন কৰি উৎফুল্লিত হৈ পৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকী ।একেদৰে অভিনেত্ৰীগৰাকীক দেখি উৎফুল্লিত হৈ পৰে অনুৰাগীসকলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *