নিউজ ডেস্ক, ১২ আগষ্টঃ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ কিয়নো দেশৰ ভিতৰতেই জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থান দখল ড০ হিমন্ত বিশ্ব শৰ্মাৰ । জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত থকা দুজনৰ ভিতৰত এজন ড০ হিমন্ত বিশ্ব শৰ্মা । INDIA TODAY ৰ C-VOTER ৰ সমীক্ষাত প্ৰকাশ কৰা হৈছে এই তথ্য । ৬৩ শতাংশ ভোটেৰে দ্বিতীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
জনপ্ৰিয়তাৰ প্ৰথম স্থান দখল কৰিছে উৰিষ্যাৰ নবীন পাটনায়কে। ৭৮ শতাংশ ভোট লাভ কৰি প্ৰথম স্থান দখল কৰিছে নবীন পাটনায়কে । তৃতীয় স্থানত আছে তামিলনাডুৰ DMK ৰমুখ্যমন্ত্ৰী। ৬১ শতাংশ ভোটেৰে তৃতীয় স্থানত এম কে ষ্টেলিন । INDIA TODAY ৰ MODE OF THE NATION ৰ সমীক্ষাত প্ৰকাশ কৰা হৈছে এই তথ্য ।