ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি প্ৰদান উদয় উমেশ ললিতক

Share

ডিজিটেল ডেস্কঃ ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিলে উদয় উমেশ ললিতে। বুধবাৰে উদয় উমেশ ললিতক ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে ভাৰতৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে। উল্লেখ্য যে ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই অৰ্থাৎ ২৭ অক্টোবৰৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ কৰিব উদয় উমেশ ললিতে।

ন্যায়াধীশ ললিত হৈছে বাৰৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ পদোন্নতি পোৱা দ্বিতীয়জন ভাৰতৰ মুখ্য ন্যায়াধীশ। ২০১৪ চনৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়লৈ পদোন্নতি পোৱাৰ আগতে উদয় উমেশ ললিত আছিল উচ্চতম ন্যায়ালয়ৰ অধিবক্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *