ৰাজ্যৰ চাহ শ্ৰমিকসকললৈ সুখবৰ ! দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

Share

নিউজ ডেস্ক,১১ আগষ্টঃ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাহ শ্ৰমিকসকললৈ এক সুখবৰ। ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।১ আগষ্টৰ পৰা কাৰ্যকৰী হবলগীয়া আছিল এই সিদ্ধান্ত। এই সিদ্ধান্তৰ ফলত বৰাক উপত্যকাত ২১০ টকাকৈ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত ২৩২ টকাকৈ বৃদ্ধি পাব চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি। এই সন্দৰ্ভত ১০ আগষ্ট তাৰিখে জনতা ভৱনত অৱস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাগৃহত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় চাহ পৰিষদ, টী এছ’চিয়েচন অৱ ইণ্ডিয়া, আছাম টী প্ৰেণ্টাৰ্ছ এছ’চিয়েচন ,অসম চাহ মজদুৰ ইণ্ডিয়ান টী এছ’চিয়েচন , নৰ্থ-ইষ্টাৰ্ন  টী এছ’চিয়েচনৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকতে ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। 

বৈঠকখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচনকাৰ্ড যিসকল চাহশ্ৰমিকে লাভ কৰা নাই সেইসকল চাহশ্ৰমিকক অতি শীঘ্ৰেই এই ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি উল্লেখ কৰে। এই বৈঠকখনত বিত্ত মন্ত্ৰী অজন্তা নেওগ, উদ্যোগ মন্ত্ৰী বিমল বৰা , চাহ জনজাতি কল্যাণ আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ লগতে চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।                                                                                                                                                                                                                                                                                                                                                                                                                                          

Leave a Reply

Your email address will not be published. Required fields are marked *