বিহাৰৰ ৰাজনীতিত ধুমুহা, আজি অষ্টম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব নীতিশ কুমাৰে

Share

ডিজিটেল ডেস্কঃ বিহাৰৰ শাসকীয় দল জে ডি (ইউ) আৰু বিজেপিৰ মাজত শেহতীয়াকৈ  বিভিন্ন বিষয়ৰ বাবে সংঘাতৰ সৃষ্টি হোৱাৰ বাবে মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি (ইউ) ৰ মুখ্য নেতা নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰে। বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই নীতিশ কুমাৰে বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত মুখ্যমন্ত্ৰী পদৰ পদত্যাগ  পত্ৰ দাখিল কৰে। ইফালে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতেই নীতিশ কুমাৰে আৰ জে ডি নেতা তেজস্বী যাদৱৰ সৈতে আলোচনাত মিলিত হয়।

আলোচনাত মিলিত হোৱাৰ কিছু সময় পাছতে আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আৰু  জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰ ৰাজভৱনত উপস্থিত হয় আৰু ৰাজ্যপালৰ সৈতে তেওঁলোকৰ নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে । ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনাই সংবাদ মাধ্যমৰ আগত নীতিশ কুমাৰে কয় যে  তেওঁলোকক  নতুন চৰকাৰ গঠন কৰিবৰ বাবে ১৬৪ জন বিধায়কে সমৰ্থন জনাইছে আৰু ৭টা দল লগ হৈ তেওঁলোকে নতুন চৰকাৰ গঠন কৰিব।

উল্লেখ্য যে মঙলবাৰে জে ডি ইউ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছত আজি বিয়লি দুই বজাত বিহাৰৰ নতুন চৰকাৰ গঠনৰ বাবে শপত গ্ৰহণ কৰিব নীতিশকুমাৰ আৰু তেজস্বী যাদৱে। উল্লেখ্য যে অষ্টম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব নীতিশ কুমাৰে লগতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব আৰ জে ডিৰ নেতা তেজস্বী যাদৱে। 

Leave a Reply

Your email address will not be published. Required fields are marked *