নিউজ ডেস্ক, ৫ আগষ্টঃ অতি সোনকালেই দেশে লাভ কৰিব পাৰে দেশৰ নতুন মুখ্য ন্যায়াধীশ। বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই আইন আৰু ন্যায়মন্ত্ৰীক পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নামৰ প্ৰস্তাৱ আগবঢ়াইছে।
উল্লেখযোগ্য যে, বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই চলিত বৰ্ষৰ ২৬ আগষ্ট তাৰিখে এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব। লগতে যদিহে এন ভি ৰমনাৰ এই প্ৰস্তাৱ গ্ৰহণ কৰে, তেন্তে দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ হব উদয় উমেশ ললিত। ৭৪ দিনৰ বাবেহে দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব উদয় উমেশ ললিতে। উল্লেখ্য যে ২৭ আগষ্টত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিব উদয় উমেশ ললিতে।