মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে ! জামিন লাভ কৰি মুকলি আকাশৰ তলত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

Share

অৱশেষত ৬৫ টা দিন ধৰি কাৰাৰুদ্ধ জীৱনৰ অন্তত মুকলি আকাশৰ তলত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ।সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পংক্তিৰ বাবেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে ।কাৰাগাৰতে পৰীক্ষাও দিলে বৰ্ষাশ্ৰীয়ে ।ইয়াকে লৈ সামাজিক মাধ্যমত চলিল ব্যাপক চৰ্চা তথা তীব্ৰ প্ৰতিক্ৰিয়া ।বিভিন্নজনে দাবী উথাপন কৰিলে বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে ।বিভিন্ন দল-সংগঠনৰ দাবীৰ  লগতে পিতৃ- মাতৃয়েও বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে কৰিছিল কাতৰ আহ্বান ।

মুকলি কৰা-নকৰা বিষয়টোক লৈ যেন সকলো আছিল অনিশ্চয়তাত । আৰু অৱশেষত বৃহস্পতিবাৰে বৰ্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।জামিন লাভ কৰি নিজ ছোৱালীজনী ঘৰলৈ উভতি অহাত বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক । তদুপৰি জামিন লাভ কৰি বৰ্ষাশ্ৰী বুঢাগোহাঁইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে  কয় যে ,- “মোৰ পৰীক্ষা ভাল হৈছে, মই ঠিকেই আছোঁ । অসমবাসী ৰাইজৰ লগতে সংবাদ মাধ্যমক ধন্যবাদ ।কিন্তু সমগ্ৰ ঘটনাক লৈ মই অনুতপ্ত” ।  

 

Leave a Reply

Your email address will not be published. Required fields are marked *