ক’ভিডৰ লগতে ৰাজ্যত  ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে,মৃত্যুৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি

Share

ডিজিটেল ডেস্কঃক’ভিডৰ লগতে ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। চলিত মাহতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা  প্ৰায় ৩৮ জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।লগতে নতুনকৈ মুঠ ১৫ জন লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ।বৰ্তমান ৰাজ্যত মুঠ জাপানীজ এনৰেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ২৫১ জনলৈ বৃদ্ধি পাইছে। বাক্সা,চিৰাং,ডিব্ৰুগড়,গোৱালপাৰা আদিকে ধৰি আন কেইবাখন জিলাতো ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখ্য যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৰ্তমান মুঠ ৫০ জন ৰোগী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । কিন্তু ইয়াৰে মাজত ১১ জন লোকক এই ৰোগত আক্ৰান্ত হৈ আই চি ইউত চিকিৎসাধীন হৈ থকা পৰিলক্ষিত হৈছে। তাৰ মাজতে কামপুৰ ৰেফাৰেল হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *