কোন হ’ব দেশৰ নতুন ৰাষ্ট্ৰপতি ? আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণণা, সন্ধিয়ালৈ ফলাফল ঘোষণাৰ সম্ভাৱনা
নিউজ ডেস্কঃ ১৮ জুলাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আজি ভোট গণণা আৰম্ভ হ’ব। ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বিন্দ্বিতা কৰিছে এন ডি এৰ প্ৰাৰ্থী দ্ৰুৌপদী মুৰ্মু আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী যশৱন্ত সিনহা। সংসদ ভৱনৰ চৌহদত দিনৰ ১১ বজাত ভৌট গণণা ঘোষণাৰ সম্ভাৱনা আছে।
ভোট গণণা প্ৰথমে বেলট পেপাৰবোৰ বছা হ’ব আৰু ৰিটাৰ্নিং অফিচাৰ সকলে পৰীক্ষা কৰিব। প্ৰথমে বিধায়ক সকলৰ বেলট পেপাৰবোৰ আৰু তাৰ পিছত সাংসদসকলৰ বেলট পেপাৰবোৰ বছা হ’ব। দুখন ট্ৰে থাকিব এখন মুৰ্মুৰ আনখন সিনহাৰ। মুৰ্মুৰ নামত থকা বেলট পেপাৰবোৰ মুৰ্মৰ ট্ৰেত আৰু সিনহাৰ বেলট পেপাৰবোৰ সিনহাৰ ট্ৰেত ৰখা হ’ব। আনহাতে বিধায়কসকলৰ ভোটৰ মূল্য নিৰ্ভৰ কৰে তেওঁলোকৰ ৰাজ্যৰ জনসংখ্যাৰ ওপৰত।
বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ কাৰ্যকাল ২৪জুলাইত শেষ হ’ব। ২৫ জুলাইত নতুন ৰাষ্ট্ৰপতি শপত গ্ৰহণ।