নিউজ ডেস্ক,১৯ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সম্পৰ্কত অখিল গগৈয়ে কৰা মন্তব্য়ৰ পিছতে ৰাজ্যৰ আদিবাসী বিধায়কসকলে অখিল গগৈক চাহ বাগিছা অঞ্চলত নিষিদ্ধ কৰাৰ হুংকাৰ দিছিল। লগে লগে অখিল গগৈক মঙলবাৰে দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত ব্যবহৃত কৰা বিতৰ্কিত শব্দকেইটা উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, অখিল গগৈয়ে সোমবাৰে দ্ৰৌপদী মুৰ্মুক গছৰ মুঢ়াৰ লগত তুলনা কৰাৰ লগতে দ্ৰৌপদী মুৰ্মু প্ৰকৃত আদিবাসী নহয় বুলিও মন্তব্য কৰিছিল।
অখিল গগৈয়ে ক্ষমা বিচাৰি কয় যে, ‘ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মই কোৱা কেইটামান বাক্য ই আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লগতে মই দ্ৰৌপদী মুৰ্মুৰ কথা নকৈ গছৰ মুঢ়া বুলি এটা শব্দ ব্য়ৱহাৰ কৰিছিলোঁ। সেই শব্দটোৱে দুখ দিয়া দেখা গৈছে। সেয়ে মই শব্দকেইটা উঠাই লৈছোঁ। যিসকলে এই শব্দকেইটা লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৰে ওচৰত মই ক্ষমা বিছাৰিছোঁ।’