লেখিকা মনীষা কাকতিৰ আত্মহত্যাৰ নতুন মোৰ ! নিজ স্বামীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হ’ল জেললৈ

Share

কিছুদিন পূৰ্বেই সংঘটিত হৈছিল এটি আত্মহত্যাৰ ঘটনা । যি ঘটনাৰ প্ৰতিটো কাৰণ আছিল ৰহস্যৰ আৱৰ্তত সোমাই । আত্মহত্যাৰ ঘটনাৰ দুসপ্তাহৰ পাছতে ঘটনাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে । কিয়নো আজিৰ পৰা ১৫ দিন পূৰ্বেই আত্মহত্যা কৰিছিল উত্তৰ গুৱাহাটীৰ ‘আবিলেক’ ৰ সহকাৰী গ্ৰন্থাগাৰিক ,উদীয়মান লেখিকা মনীষা কাকতিয়ে ।১৫ টা দিনৰ অন্তত ঘটনাই যেন নতুন দিশ ল’লে । আৰু অৱশেষত তেওঁৰ স্বামী নৱজিত বৰ্মনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(ক)/ ৩০৪(খ)ধাৰাৰ অধীনত মনীষাৰ স্বামীক গ্ৰেপ্তাৰ কৰে উত্তৰ গুৱাহাটী আৰক্ষী থানাই ।

উল্লেখ্য যে , স্বামীৰ বিৰুদ্ধে মনীষাৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলি মনীষাৰ পিতৃয়ে উত্তৰ গুৱাহাটী থানাত দাখিল কৰিছিল এখন এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিতেই তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ইফালে, মনীষাৰ নামত থকা বিলাসী ইন’ভা বাহনখনো আৰক্ষীয়ে নিজৰ জিম্মালৈ নিছে । এই বিলাসী গাড়ীখনো স্বামীয়ে ব্যৱহাৰ কৰি আছিল বুলি পৰিয়ালৰ লোকে দাখিল কৰিছিল অভিযোগ । কেৱল মাত্ৰ ৭ মাহ পূৰ্বেই নলবাৰীৰ নৱজিত বৰ্মনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল লেখিকা মনীষাই । কিন্তু ষোৱা ৩ জুলাইৰ দিনা ‘আবিলেক’ ৰ চৌহদতে আত্মহত্যা কৰিছিল মনীষা কাকতিয়ে । অমায়িক স্বভাৱসুলভ মনীষাৰ এনে আত্মহত্যাৰ ঘটনাই সকলোকে ম্ৰিয়মাণ কৰি তোলাৰ মাজতে এতিয়া তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ ঘটনাটো যেন ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । আদালতত হাজিৰ কৰোৱাৰ পাছতে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হয় অভিযুক্ত স্বামীক ।  

Leave a Reply

Your email address will not be published. Required fields are marked *