পুনৰ আৰম্ভ হ’ব  লামডিং-বদৰপুৰ সংযোগী ব্ৰডগজ ৰে’ল পৰিসেৱাসমূহ

Share

নিউজ ডেস্কঃবিগত ২৪ মে’ত ডিমা হাচাও জিলাত হোৱা ধাৰাষাৰ  বৰষুণৰ ফলত  লামডিং- বদৰপুৰ  সংযোগী ব্ৰডগজ ৰেলপথৰ ৮৫ কিলোমিটাৰ জুৰি প্ৰায় ৬১ টা স্থানত ভূমিস্খলন আৰু বানৰ তাণ্ডৱে ৰেলপথসমূহ সম্পূৰ্ণভাৱে বিধস্ত হৈ পৰিছিল।যাৰ বাবে এই ৰেলপথটো অনিৰ্দিষ্টকাললৈ ৰে’ল চলাচল বন্ধ হৈ পৰিছিল। কিন্তু এতিয়া ৰে’লপথবোৰৰ অৱস্থা কিছু  উন্নত হোৱাত পুণৰ আৰম্ভ হব যাত্ৰীবাহী ৰেলৰ পৰিসেৱা।অহা ২২ জুলাইৰ পৰা আৰম্ভ কৰা হব লামডিং আৰু  বদৰপুৰ সংযোগী ব্ৰডগজ ৰেলসেৱা।খবৰ অনুসৰি অহা ২২ জুলাইত শিলচৰৰ পৰা গুৱাহাটী অভেমুখী শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনে যাত্ৰা কৰিব।ইয়াৰ উপৰিও ২২ জুলাই তাৰিখে  ৰাতিপুৱা আগৰতলাৰ পৰা শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল গাড়ীখনে যাত্ৰা আৰম্ভ কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই এই নিৰ্দেশনা জাৰি কৰিছে। তাৰ আগতে মাজতে লামডিং-বদৰপুৰ আৰু আগৰতলাৰ মাজতে মালবাহী ৰেলগাড়ীৰ পুণৰ চলাচল আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই।

উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া ৰেল ষ্টেচন আছিল ডিমা হাচাও জিলাৰ ৰেল ষ্টেচন।প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হৈছিল এই ষ্টেচনখন।কিন্তু উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষৰ তৎপৰতাত দুমাহৰ ভিতৰতে এই ৰেলপথসমূহ মেৰামতি কৰি ১৩ জুলাইত সুচল কৰি তোলাৰ ফলত এতিয়া ৰেল পৰিসেৱা পূৰ্বৰ দৰেই স্বাভাৱিক হোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *