মূল্যহীন হৈ পৰিল প্ৰথম বিভাগ ! প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই নাপাব আনন্দৰাম বৰুৱা বটাঁ

Share

আনন্দৰাম বৰুৱা বটাঁ ! কেৱল এটা বটাঁই নহয় , আনন্দৰাম বৰুৱা বটাঁ এটা সময়ত বহু মধ্যবিত্ত ল’ৰা- ছোৱালীৰ বাবে আছিল এক আৱেগ । এক সপোনস্বৰূপ । যাৰ বাবে এটা সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে এই বটাঁটি লাভ কৰা সপোন লৈ মেট্ৰিকৰ দেওনাত হয়তো অধ্যয়ণ ক্ষেত্ৰখনত ব্ৰতী হৈছিল । পিছে লক্ষণীয় যে , ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি এইবাৰ আনন্দৰাম বৰুৱা বটাঁৰ পৰা বঞ্চিত হৈ পৰিল প্ৰথম বিভাগ । কেৱল ষ্টাৰ অথবা ডিষ্টিংশ্যন লাভ কৰা শিক্ষাৰ্থীসকলকহে প্ৰদান কৰা হ’ব এই বটাঁ ।

উল্লেখ্য যে , ২০০৫ চনৰে পৰা আৰম্ভ কৰা এই বটাঁ প্ৰথম বিভাগত উত্তীৰ্ণ প্ৰত্যেক ৬০ শতাংশ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীকে প্ৰদান কৰা হৈছিল আনন্দৰাম বৰুৱা  বটাঁ । কিন্তু এইবাৰ , মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বটাঁৰ বাবে নিৰ্ধাৰণ কৰিছে ‘CUT OFF MARK’ । কেৱল ৭৫শতাংশৰ অধিক নম্বৰ লাভ কৰা  শিক্ষাৰ্থীয়েহে যোগ্য হ’ব আনন্দৰাম বৰুৱা বটাঁৰ বাবে ।যোগ্য প্ৰাৰ্থীসকলক আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে ছেৱাৰ ৱেবছাইটযোগে । ইতিমধ্যে , ষ্টাৰ আৰু ডিষ্টিংশ্যন নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ আনন্দৰাম বৰুৱা বটাঁৰ বাবে বিদ্যালয় পৰিদৰ্শকসকলক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ছেবাই । আনহাতে, পূৰ্বতে বিতৰণ কৰা লেপটপৰ বিপৰীতে এইবাৰ এই বটাঁৰ অধীনত কৃতী ছাত্ৰ – ছাত্ৰীসকলক ১৬, ০০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *