“ৰাণা পগাগক মই বিশ্বাস কৰিছিলোঁ , যিটো মোৰ ভূল হ’ল আৰু তাৰেই বলি হৈ ইমান দিনে মই কাৰাগাৰত থাকিব লগা হ’ল” ! অৱশেষত জামিন পালে নিলম্বিত SI জোনমণি ৰাভা

Share

বৰ্তমানেও চৰ্চাৰ কেন্দ্ৰবিন্দু SI জোনমণি ৰাভা ! কি সামাজিক মাধ্যম , কি সংবাদ মাধ্যম ? সকলোতে এটাই চৰ্চিত নাম নিলম্বিত SI জোনমণি ৰাভা ।কিয়নো বিগত কিছুদিন পূৰ্বেই নিজ হাতেৰে নিজ প্ৰেমিকক গ্ৰেপ্তাৰ কৰি বাতৰিৰ শিৰোনাম দখল কৰি জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছিল এইগৰাকী জোনমণি ৰাভাই । পিছে প্ৰেমিক ৰাণা পগাগৰ সৈতে লগ লাগি প্ৰবঞ্চনাৰে ধন আত্মসাত কৰাৰ অভিযোগত প্ৰবঞ্চনাৰ জালত নাম সাঙোৰ খাই পৰিছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ।যাৰ বাবে গড়মূৰ আৰক্ষী থানাই যোৱা পাঁচ জুলাইত অভিযোগনামা দাখিল কৰি মাজুলীত কৰ্মৰত অৱস্থাতে জোনমণি ৰাভাই ৰাণা পগাগৰ সৈতে লগ লাগি মাজুলীৰ কেইবাগৰাকী ব্যৱসায়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত গড়মুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

তদুপৰি নিলম্বিত এছ আই গৰাকীৰ হৈ অসমৰ বহুকেইগৰাকী অধিবক্তাই মাজুলীৰ আদালতত জামিন আবেদন দাখিল কৰিছিল যদিও চাৰিওবাৰে নাকচ হৈছিল জামিন আৱেদন ।আৰু অৱশেষত যোৱা চাৰি জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত থকা জোনমণি ৰাভাক মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে। প্ৰায় ১ মাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পাছত মুকলি  আকাশৰ তললৈ ওলাই আহে নিলম্বিত SI জোনমণি ৰাভা । মুকলি আকাশৰ তললৈ অহাৰ পাছত পোন প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাই এনেদৰে কয় যে  – ‘ মই ৰাণা পগাগক বিশ্বাস কৰিছিলোঁ , যিটো মোৰ ভূল হ’ল আৰু তাৰেই বলি হৈ ইমান দিনে মই কাৰাগাৰত থাকিব লগা হ’ল’ ! আনফালে আকৌ তিনি ব্যৱসায়ীয়ে দিয়া গোচৰৰ সংক্ৰান্তত ৰাভাই কয় যে, – ‘ন্যায়ালয়ৰ ওপৰত মোৰ বিশ্বাস আছে , তেওঁলোকে বিচাৰ কৰিব ।মই আগতেও জানো মই নিৰ্দোষী বুলি আৰু এতিয়াও হাজাৰবাৰ কম মই নিৰ্দোষী বুলি’ ।

Leave a Reply

Your email address will not be published. Required fields are marked *