চলিত বৰ্ষৰ ২২ জানুৱাৰীতে মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা নগাঁৱৰ কীৰ্তিকমল বৰা । এজন আৰক্ষী বিষয়া হোৱাৰ সপোন মনতে পুহি ৰখা যুৱকজনে আৰক্ষাৰ গুলীতে আঘাতপ্ৰাপ্ত হৈ অংগক্ষত হোৱাত আশংকাত ভুগিছে আৰক্ষীত যোগদান কৰিব নোৱাৰাক লৈ । যাৰ বাবে এতিয়া সংস্থাপনৰ অনিশ্চয়তাত ভুগা পৰিলক্ষিত হৈছে প্ৰাক্তন ছাত্ৰ নেতা কাৰ্তিকমল বৰা । কম বয়সতে শাৰীৰিক জটিলতাৰ মুখামুখি হোৱা কীৰ্তিকমল বৰাৰ সংস্থাপনৰ হৈ ইতিমধ্যে সংবাদমেল আয়োজন কৰি দাবী উথাপন কৰে ছাত্ৰ সংগঠন এন এছ ইউ আয়ে ।
তদুপৰি কীৰ্তিকমল বৰাক গুলী কৰা আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বণিয়াৰ উপৰি সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো তদন্তৰ আওঁতালৈ আনিব লাগে বুলি মন্তৱ্য কৰাৰ লগতে কীৰ্তিকমল বৰাক চৰকাৰে এটা চৰকাৰী চাকৰি দি তেওঁৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলিও উল্লেখ কৰে নেতৃবৃন্দই ।লগতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱাই কয় ষে ‘চৰকাৰে কেৱল অস্ত্ৰোপচাৰ কৰিয়েই দায়িত্ব সামৰিলে নহ’ব । লগতে তেওঁ দল- সংগঠন নিৰ্বিশেষে কীৰ্তিকমল বৰাৰ কাষত থিয় দিয়াৰ আহ্বান জনাই কয় যে ‘বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত মুক্ত হত্যা হৈছে। এজন সম্ভাৱনাপূৰ্ণ ছাত্ৰ নেতাক আৰক্ষীয়ে গুলীয়াই ঘূণীয়া কৰিলে । অথচ সেই সময়ৰ আৰক্ষী অধীক্ষকজনক চৰকাৰে পদোন্নতি দিলে’ ।