নিউজ ডেস্ক,৬ জুলাইঃ অসমৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিধ বিহপুৰীয়া বিধান সভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা অসুস্থ। শুকুৰবাৰে নিশা হঠাতে অসুস্থ হৈ পৰা প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীক লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসা বাবে ২ জুলাইত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্য়ালয়ত ভৰ্তি কৰোৱা হয়।
বাৰ্দ্ধক্য় জনিত ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। যদিও প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকী তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰাই উন্নত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়লোকে। আনহাতে প্ৰাক্তন বিধায়ক গৰাকীৰ উপযুক্ত চিকিৎসা প্ৰদানৰ ব্য়ৱস্থা কৰিবৰ বাবে ৰাজ্য়ৰ স্বাস্থ্য়বিভাগক আহ্বান জনায় বিহপুৰীয়াবাসীয়ে।