গুৱাহাটী মহানগৰীত পুনৰ জব্দ নিচাজাতীয় দ্ৰব্য

Share

মহানগৰীত জব্দ কৰা হল ৪ কোটি টকাৰ ড্ৰাগছ।যোৱা নিশা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত,কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৪ কোটি টকাৰ ড্ৰাগছসহ পাচঁটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।সংবাদমেল যোগে এই কথা জনায় কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।উল্লেখ্য যে এক গোপন সূত্ৰৰ পৰা গড়চূক আৰু আজাৰা অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষীয়ে।

যুটীয়াভাৱে আজাৰৰ এখন হোটেলত অভিযান চলাই ৫০ হাজাৰৰো অধিক জাভা টেবলেটসহ ৫ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৪ কোটি টকা হব বুলি অৱগত কৰে আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজনৰ নাম ক্ৰমে আলী আহমেদ,মহম্মদ খান,মহম্মদ বাহাৰুল আলম,মহম্মদ নাজিমূল মিঞা,জিয়াদুল ইছলাম।

Leave a Reply

Your email address will not be published. Required fields are marked *