তেলেংগানাৰ হায়দৰাবাদত শীঘ্ৰেই নিৰ্মাণ কৰা হব অসম ভৱন

Share

তেলেংগানাৰ হায়দৰাবাদত অতি শীঘ্ৰেই নিৰ্মাণ কৰা হব এটি অসম ভৱন।অহা বছৰৰ পৰাই অসম ভৱনটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হব।হায়দৰাবাদৰ প্ৰবাসী অসমীয়া সকলৰ দ্ধাৰা আয়োজন কৰা এক অনুস্থানত এই কথা জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।প্ৰবাসী অসমীয়া সকলৰ হৈ অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা এই অনুস্থানটিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তক বছৰৰ পৰা এটা দিন হায়দৰাবাদত অসম দিৱস হিচাপে উদযাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ হৈ সভাপতি পলাশ বৰুৱাই বহুদিন ধৰি হায়দৰাবাদত এটি অসম ভৱন আৰু মণিকূটসহ এটা নামঘৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *