অৱশেষত বন্ধ হ’ল পিংক বাছ সেৱা

Share

গুৱাহাটী মহানগৰীত বন্ধ হ’ল পিংক বাছ সেৱা। ২৫ খন বাছৰ ভিতৰত এতিয়া মাত্ৰ চলে ৪ খন বাছহে। সকলোৰে চকুত লগাকৈ মহানগৰীত মহিলা আৰু বয়োজ্যেষ্ঠৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা ‘ভ্ৰমণ সাৰথী’ নামেৰে আৰম্ভ কৰা এই বাছ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শুক্ৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰী কৰে এই কথা । 

উল্লেখ্য যে, ২০২১ চনৰ ১০ জানুৱাৰীত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটী মহানগৰীৰ মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বাবে সম্পূৰ্ণ বিনামুলীয়া এই বাছসেৱা খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী খেলপথাৰ মহাবিদ্যালয় চৌহদৰ পৰা ‘ফ্লেগ অফ’ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *