নিউজ ডেস্ক, ৩০ জুনঃ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বুধবাৰে নিশা মণিপুৰৰ ননি জিলাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত দুজন আৰ্মীৰ লোক নিহত হয়। জানিব পৰা মতে, ভূমিস্খলনৰ পিছত ১৩জন লোকক সুকলমে উদ্ধাৰ কৰা হয় যদিও ২০জন লোকৰ এতিয়াও পোৱা নাই। প্ৰাপ্ত খবৰ অনুসৰি, ভূমিস্খলনৰ পিছৰে পৰা দুই দম্পতী আৰু এটি শিশুও সন্ধানহীন হৈ আছে।
ইফালে আজি ৰাতিপুৱাৰে পৰা ভাৰতীয় সেনা, আছাম ৰাইফলছ, মণিপুৰ আৰক্ষীৰ বৃহত দলে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে। বতৰ ফৰকাল হোৱাৰ লগে লগে উদ্ধাৰ অভিযানত হেলিকপ্টাৰ ব্যৱহাৰ কৰা হ’ব বুলিও সামৰিক বাহিনীৰ বিষয়াই জানিব দিয়ে।
জানিব দিয়া অনুসৰি, ননি জিলাৰ তুপুল ৰেইলৱে ষ্টেশ্যনত নিৰ্মাণৰত জিৰিবামৰ পৰা ইম্ফল সংযোগী ৰেইলৱে ৰাইনৰ সুৰক্ষাত নিয়োজিত হৈ আছিল ভাৰতীয় সেনাৰ ১০৭ গৰাকী টেৰিটৰিয়েল আৰ্মী। কিন্তু নিশা তেওঁলোকৰ শিৱিৰটো ভূমিস্খলনৰ কৱলত পৰে। আঘাতপ্ৰাপ্ত লোকসকলক ননি আৰ্মী মেডিকেল ইউনিটত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহতসকলক ইম্ফললৈ স্থানান্তৰিত কৰা হ’ব।