কাইলৈৰ পৰা সমগ্ৰ দেশজুৰি নিষিদ্ধ কৰা হ’ব এবাৰ ব্যবহৃত প্লাষ্টিক

Share

নিউজ ডেস্ক,৩০ জুনঃ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত।কাইলৰ পৰা দেশজুৰি নিষিদ্ধ কৰা হব এবাৰ ব্যবহাৰ কৰা প্লাষ্টিক।এই সিদ্ধান্ত লয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ।

উল্লেখ্য যে ১৯ বিধ প্লাষ্টিকৰ সামগ্ৰী ব্যবহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে মন্ত্ৰণালয়ে।প্লাষ্টিকৰ সামগ্ৰীৰ নিৰ্মাণ,বিতৰণ,বিক্ৰী আৰু ব্যবহাৰৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা মন্ত্ৰণালয়ৰ।তাৰ বিপৰীতে কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ,মাটিৰ কাপ আদি ব্যবহাৰৰ আহবান কেন্দ্ৰীয় চৰকাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *