কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ জি এছ টি নিম্ন নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত

Share

চত্তীচগড়ত অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ ৪৭ সংখ্যক বৈঠকত জি এছ টি নিৰিখ সাল-সলনী ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত ৪৭ সংখ্যক জি এছ টিৰ বৈঠকত বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত সাল-সলনী কৰা জি এছ টি নিৰিখৰ সিদ্ধান্ত ১৮ জুলাইৰ  পৰা বলবৎ  হ’ৱ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, অহা ১৮ জুলাইৰ পৰা সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত নতুন নিৰিখ  বলবৎ  হ’ব। সেই মৰ্মে জি এছ টিৰ পৰা ৰেহাই থকা গাখীৰ,দৈ আৰু পনীৰৰ পেকেটত ৫ শতাংশ জি এছ টি, চাউল আৰু ঘেহুঁৰ পেকেটত ৫ শতাংশ জি এছ টি আৰোপ কৰা হৈছে। আনপিনে ছপা, লেখন আৰু অংকন চিয়াহীঁত জি এছ টি ১৮ শতাংশ আৰোপ কৰা হৈছে। ইয়াৰ পূৰ্ৱে উল্লেখিত জি এছ টিৰ নিৰিখ আছিল ১২ শতাংশ। তদুপৰি ছপাৰ সৈতে জড়িত বিভিন্ন সজুলিঁত বিশেষকৈ কাটিং ব্লেড, পেঞ্চিল, চামুচ, আদিতো ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে।

এল ই ডি লেম্প, লাইট এন্দ ফিক্সাৰ আদিত ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে। ব্যৱহাৰৰ বাবে প্ৰস্তত হৈ উঠা চামৰা, চামৰাৰ সংমিশ্ৰণ আদিৰো জি এছ টিৰ নিৰিখ ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে। হোটেল আৰু চিকিৎসালয় ৰ ক্ষেত্ৰতো কিছু জি এছ টিৰ হাৰ আৰোপ কৰা হৈছে। পূৰ্ৱতে জি এছ টিৰ পৰা ৰেহাই থকা হোটেলৰ কোঠা প্ৰতিদিনে এহাজাৰ টকাকৈ ভাড়া লোৱা কোঠাত এতিয়াৰে পৰা ১২ শতাংশ জি এছ টি বলবৎ  হ’ৱ। আই চি ইউ বিহীন চিকিৎসালয়ৰ কোঠাত প্ৰতিদিনে ৰোগীয়ে ৫ হাজাৰ টকাকৈ ভৰা কোঠাত জি এছ টি ৫ শতাংশ নিৰ্ধাৰিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *