অম্বুবাচী মেলালৈ অহা ভক্তৰ দেহত কভিদ

Share

নিউজ ডেস্ক,২৪ জুনঃ  নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ মা কামাখ্য়াৰ মন্দিৰ। বিগত দুটা বছৰে কৰণা মহামাৰীৰ ফলত নীলাচল পাহাৰত অনুস্থিত হোৱা নাছিল ইতিহাস প্ৰসিদ্ধ অম্বুবাচী মেলা।বিগত দুটা বছৰে অম্বুবাচীৰ সময়ত কোনো ধৰণৰ মেলা অনুস্থিত  নকৰি কেৱল পৰম্পৰাগতভাৱে নিয়ম ৰক্ষা কৰা হৈছিল। বিগত দুই বছৰৰ পিছত এইবাৰ পুনৰ ২২ জুনৰ পৰা  শক্তিপীঠ মা কামাখ্য়াৰ মন্দিৰস্থিত নীলাচলৰ বুকুত অম্বুবাচী মেলা অনুস্থিত কৰা হৈছে। অগণণ ভক্তপ্ৰাণ লোকৰ দ্বাৰা মুখৰিত হৈ পৰিছে  শক্তিপীঠ কামাখ্য়া মন্দিৰৰ চৌপাশ।

অম্বুবাচীলৈ অহা ভক্তৰ দেহত এইবাৰ পোৱা গৈছে কভিদ। কভিদ পজিটিভ ধৰা পৰা ভক্তগৰাকী পশ্চিমবংগৰ পৰা অহা বুলি জানিব পৰা গৈছে। কভিদ পজিটিভ ধৰা পৰা ব্য়ক্তিগৰাকীক বৰ্তমান  জি এম চি এইচ ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য় যে শক্তিপীঠ কামাখ্য়াৰ চৌহদত কভিদ টেস্ট কৰা হৈছিল ভক্তগৰাকীক।   

Leave a Reply

Your email address will not be published. Required fields are marked *