১০,০০০ টকাত  Iphone এটা ক্ৰয় কৰাটো কিমান সঠিক ? জানক , পুননিৰ্মাণ কৰা ম’বাইলৰ সুবিধা আৰু অসুবিধাসমূহ ! 

Share

কোনটো নতুন ফােন বা পুননিৰ্মাণ কৰা ফোন আপােনাৰ বাবে সুবিধাজনক ? ফোন এটা কিনিবৰ সময়ত বহুবাৰ হয়তো এই প্ৰশ্নটো আপোনাৰ মনলৈ  আহিব পাৰে । কিয়নো মানুহে বহুতো কাৰণত সাধাৰণতে পুননিৰ্মাণ কৰা ফোন ক্ৰয় কৰিবলৈ ভয় কৰে । কিন্তু আপুনি এটা নতুন ফোন ক্ৰয় কৰিম বুলি ভাৱি আছে আৰু হয়তো বাজেট কম ।এনে এক পৰিস্থিতিত , আপুনি  পুৰণা ফোন অথবা পুননিৰ্মাণ কৰা ফোনবোৰো বিবেচনা কৰিব পাৰে ।

কিন্তু বহুসময়ত মানুহে পুৰণি বা ব্য়ৱহৃত ফোন এটা কিনিবলৈ ভাল নাপায়  আচলতে মানুহৰ মনত পুৰণি ফোনৰ বিষয়ে বহুতো প্ৰশ্ন উথাপন হয় , প্ৰয়োজনত সেইবোৰৰ মূল্য় যিমানেই কম উপলদ্ধ নহওঁক কিয় । প্ৰশ্ন উথাপন হোৱাটো স্বাভাৱিক । কিয়নো এটা পুৰণি ফোনে নতুন ফোনটোক প্ৰতিহত কৰিব পাৰিবনে ?  বহুবাৰ হয়তো নহয় কিন্তু বহুবাৰ হয় । যদিহে আপোনাৰ বাজেট ১০ ৰ পৰা ১২ হাজাৰ টকা হয় , তেন্তে এই বাজেটত আপুনি বৰ্তমান সময়ৰ কম বাজেটৰ ফোন পাব । কিন্তু পুননিৰ্মান কৰা ফোন হ’লে  আপুনি এই বাজেটত বহুতো ফ্লেগশ্বিপ ফোন ক্ৰয় কৰিব পাৰে । অৱশ্য়ে , ইয়াৰ বাবে আপুনি অনলাইন বজাৰত কিছু পৰিমাণে কষ্ট নিশ্চয় কৰিব লাগিব । যিহেতু ,  আপোনাৰ হাতত এই বাজেটত পুননিৰ্মাণ কৰা আইফোন 7 বা আইফোন 6s  প্লাছ যেন লাগিব পাৰে । যিটো ৰেডমিৰ পোকো ফোনতকৈ বহুক্ষেত্ৰত ভাল বিকল্প হ’ব । কিন্তু , সচৰাচৰ পুননিৰ্মাণ কৰা ম’বাইল ফোন এটা কিনাৰ সময়ত কেইটামান কথা মনত ৰখাটো প্ৰয়োজনীয় । 

Leave a Reply

Your email address will not be published. Required fields are marked *