সাৱধান ! শিক্ষাদানৰ পৰিৱৰ্তে LIC  ৰ কামত ব্য়স্ত শিক্ষকসকল , LIC এজেন্টৰূপী শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হ’ব চৰকাৰ 

Share

শিক্ষক নে LIC এজেন্ট ? তাক লৈ এতিয়া সচেতন মহলত ব্য়াপক চৰ্চা ।  কিয়নো , একাংশ শিক্ষক ওলাইছে এতিয়া LIC ৰ একো একোজন এজেন্ট । কৰে শিক্ষকতা ! তাৰ মাজতে আকৌ ব্য়স্ত থাকে LIC ৰ কাম – কাজতো । একাংশৰ প্ৰশ্ন উথাপন মৰ্মে , সমাজত এনেবোৰ শিক্ষকৰ বাবেই লোপ পাইছে নেকি শিক্ষাৰ গুণগত মানদণ্ড । কিয়নো , লক্ষণীয়ভাৱে , সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১৬৪ খন বিদ্য়ালয়ৰ ফলাফল শূল্য় হৈ পৰাৰ ফলত উদ্ধিগ্ন হৈ পৰিছিল শিক্ষা বিভাগ তথা ৰাজ্য় চৰকাৰ । বহু বিদ্য়ালয়ৰ ফলাফলৰ হাৰ আছিল ৩০ শতাংশৰ তলত । ইয়াৰ পাছতে , চৰকাৰী বিদ্য়ালয়ৰ এনে পূতৌজনক অৱস্থা দেখি , ফলাফল নিম্নগামী হোৱাত শিক্ষা বিভাগে বিচাৰিলে কাৰণ । য’ত পালে , গুণগত শিক্ষাৰ অভাৱ । কিয়নো এই অভাৱৰ মূলতেই হ’ল শিক্ষাদানৰ বিপৰীতে শিক্ষক ব্য়স্ত থাকে LIC ৰ কামত । এই সন্দৰ্ভত  ইতিমধ্য়ে ১১ গৰাকী ৰহস্য়ৰ আওঁতাত থকা LIC এজেন্টৰূপী শিক্ষকৰ নাম পোহৰলৈ অহা পৰিলক্ষিত হৈছে । আৰু এই LIC এজেন্টৰূপী ১১গৰাকী শিক্ষকৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে বিভাগীয় ব্য়ৱস্থা । মাধ্য়মিক শিক্ষা সঞ্চালকালয়ে  বিভাগীয় ব্য়ৱস্থা আৰম্ভ কৰা ১১ গৰাকী  শিক্ষকৰ ভিতৰত ৯ গৰাকী বাক্সা জিলাৰ আৰু ২ গৰাকী হৈছে কামৰূপ জিলাৰ । বিভাগীয় ব্য়ৱস্থাৰ সন্মুখীন হোৱা এই ১১ গৰাকী LIC  এজেন্টৰূপী শিক্ষক হৈছে পুঠিমাৰী জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্য়মিকৰ অৰুণ চন্দ্ৰ কলিতা , তামুলপুৰ গাৰ্লছ হাইস্কুলৰ দীপাংকৰ চক্ৰৱৰ্তী , গোৰেশ্বৰ উচ্চতৰ মাধ্য়মিকৰ তৰুণ চন্দ্ৰ কলিতা , হৰদত্ত বীৰদত্ত হাইস্কুলৰ নৱজ্য়োতি চক্ৰৱৰ্তী , মাগুৰবাৰী কলবাৰী হাইস্কুলৰ ধনেশ্বৰ বসুমতাৰী , দেউলকুছি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ লোহিত চন্দ্ৰ কলিতা , গান্ধীবাৰী হাইস্কুলৰ ধীৰেণ  চৌধুৰী , লতিবাৰী হাইস্কুলৰ জয়ন্ত নাৰায়ণ কোঁৱৰ , বটিয়ামাৰী হাইস্কুলৰ মুকুল ৰাজবংশী , ডি বি এম হাইস্কুলৰ নলিনী  কুমাৰ দাস আৰু বৰঘূলি নেহেৰু হাইস্কুলৰ নুৰ মহম্মদ চৌধুৰী । তদুপৰি , এইসকল  LIC এজেন্টৰূপী শিক্ষকৰ বিৰুদ্ধে অসম ছাৰ্ভিচ ৰুল ১৯৬৫  ৰ ধাৰা ১২ ৰ অধীনত ব্য়ৱস্থা ল’ব  মাধ্য়মিক শিক্ষা  সঞ্চালকালয়ে । এয়া কেৱল দুখন জিলাৰ বিৰুদ্ধে আৰম্ভ হোৱা ব্য়ৱস্থা । বাকী জিলাসমূহতো একেদৰেই ব্য়ৱস্থা হাতত ল’ব মাধ্য়মিক শিক্ষা সঞ্চালকালয়ে । লগতে এই ক্ষেত্ৰত আৰু অধিক কঠোৰ হ’ব ৰাজ্য় চৰকাৰ । 

Leave a Reply

Your email address will not be published. Required fields are marked *