শ্ৰী লংকাত  সংঘটিত হৈছে হিংসাত্মক ঘটনা, মন্ত্ৰী সাংসদক আক্ৰমণ ক্ষুদ্ধ জনতাৰ

Share

নিউজ ডেস্ক , ১১ মেঃআৰ্থিক সংকটে জুৰুলা কৰা শ্ৰী লংকাবাসীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে। শাসকীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰী লংকাৰ জনসাধাৰণে। ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এই প্ৰতিবাদে। কালি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী লোকসকলৰ ওপৰত শাসকীয় পক্ষৰ আক্ৰমণ কৰা পৰিলক্ষিত হোৱাৰ
পাছতেই দেশখনৰ পৰিস্থিতি আৰু বেছি উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে কালি পদত্যাগ কৰা প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপক্ষক সেনাই কোনোমতে প্ৰাণ বচাই প্ৰতিবাদকাৰীৰ মাজৰ পৰা আঁতৰাই নিবলৈ সক্ষম হৈছে। কালি নিশাৰ ভিতৰতেই ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে ৰাজাপক্ষ পৰিয়ালৰ গাঁৱৰ পৈতৃক বাসস্থানসমূহ জ্বলাই দিয়াৰ লগতে অতি কমেও ৪২ জন শাসকীয়  দলৰ সাংসদৰ বাসগৃহ জ্বলাই দিছে। পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপক্ষক  সেনাই নিৰাপদ আশ্ৰয়স্থল হিচাপে নৌ -সেনা বাহিনীৰ ঘাটিত ৰাখিবলৈ বাধ্য হৈছে। উল্লেখ্য যে কালি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ওপৰত গুলিচালনা কৰা সাংসদগৰাকীক প্ৰতিবাদকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ পাছত কেইবাটাও অঞ্চলত জনপ্ৰতিনিধিৰ  ওপৰত ক্ষুদ্ধ প্ৰতিবাদী লোকে আক্ৰমণ চলাইছে।  প্ৰতিবাদকাৰীৰ ক্ষোভৰ উদগীৰণ দেখি ৰাষ্ট্ৰপতি গোটাবায়া  ৰাজাপক্ষই দেশবাসীক শান্তিৰ বাবে আহবান জনায় যদিও কোনো কাৰণতে যেন স্তিমিত হোৱা নাই প্ৰতিবাদ। সামৰিক বাহিনীৰ ওপৰত জৰুৰী ক্ষমতা প্ৰদান কৰাৰ লগতে শেহতীয়াভাৱে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিবাদকাৰীক দেখাৰ মাত্ৰেই গুলিওৱাৰ নিৰ্দেশ দিছে। ৰাজাপক্ষ পৰিয়ালৰ ভুল নীতিৰ বাবে শ্ৰী লংকা বাসীয়ে  যমৰ যাতনা ভুগিবলগীয়া  হোৱা বুলি ৰাষ্ট্ৰপতিকে ধৰি পৰিয়ালৰ  লোকৰ পদত্যাগ দাবী চলিছে। তথ্য মতে,কালিৰে পৰা হোৱা  সংঘৰ্ষত সাংসদসহ সাতজন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে দুই শতাধিক লোক আহত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *