মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি

Share
গুৱাহাটী, ১০ মেঃ আজি বিজেপিৰ প্ৰথম বৰ্ষপূৰ্তি। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ আজি এবছৰ সম্পূৰ্ণ। বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে বিজেপিৰ প্ৰথম বৰ্ষপূৰ্তি বুলি উথপথপ পৰিস্থিতি গুৱাহাটী ৰাজপথত।
আজিৰ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। যাকে লৈ খানাপাৰৰ লগতে সমগ্ৰ গুৱাহাটী আৰু ৰাজ্যতো এক বিশেষ পৰিৱেশ। বিজেপি নেতাৰ লগতে কৰ্মকৰ্তা সকলৰো মাজত দেখা পোৱা গৈছে ভীষণ ব্যস্ততা। এই সকলোবোৰৰ পাছত দেখা দিছে এক বিপৰীত দৃশ্য বিজেপিৰ এই বিশেষ অনুষ্ঠানৰ বিপৰীতে প্ৰখৰ ৰদত জলাকলা খুৱাইছে সাধাৰণ জনতাক । যাত্ৰীসকলে বাছ ষ্টপত কেইবা ঘণ্টা ধৰি অপেক্ষা কৰিব লগা হৈছে, বহু সময় ধৰি অপেক্ষা কৰিয়ো নাই যাতায়ত ব্যৱস্থা। 

Leave a Reply

Your email address will not be published. Required fields are marked *