কোন শিক্ষয়িত্রীয়ে শ্রেণীকোঠাত শিক্ষাৰ্থীৰ সৈতে থুমকা মিলায় কৰিলে নৃত্য ? ভিডিঅ’ ভাইৰেল ! 

Share
ডিজিটেল ডেস্ক,২৮ এপ্রিলঃ সাধাৰণতে বিদ্যালয়ৰ পাঠদানৰ সময়ছোৱাত শ্রেণীবোৰ কেতিয়াবা কেতিয়াবা শিক্ষাৰ্থীসকলৰ বাবে আমনিদায়ক হ’ব পাৰে। কিন্তু এনে বহু শিক্ষক- শিক্ষয়িত্রী আছে তেওঁলোকৰ শ্রেণীবোৰ মনোৰঞ্জন আৰু উপভোগ্য কৰি তুলিবলৈ কিছুমান সেই অতিৰিক্ত পদক্ষেপ লয় ।আৰু তেনে এক সামঞ্জস্যৰ ঘটনা সৰ্বত্রে চৰ্চা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটি বিশেষ ভিডিঅ’ ক্লিপক লৈ । দিল্লীৰ এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষয়িত্রী । নাম মনু গুলাটি ।
শিক্ষয়িত্রী মনু গুলাটিয়ে তেওঁৰ শ্রেণীটোক কিছু আমোদ দিবৰ বাবে ভাইৰেল ভিডিঅ’টোত এগৰাকী শিক্ষাৰ্থীৰ সৈতে আকৰ্ষণীয় নৃত্য কৰা দেখা গৈছিল । শিক্ষয়িত্রী মনু গুলাটিয়ে নিজৰ টুইটাৰ প্রফাইলত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো । ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি ছোৱালীজনীয়ে তাইৰ নৃত্যৰ খোজবোৰ দেখুওৱাৰ লগে লগে , গুলাটিয়ে সেইবোৰো একেদৰে অনুসৰণ কৰিব লয় ।তদুপৰি , এনে নৃত্যত উৎফুল্লিত হৈ আন শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষকৰ বাবে উল্লাস আৰু হাতচাপৰি বজাইছিল । তেনে সময়তে শিক্ষাৰ্থীগৰাকীয়ে কৈছিল যে—’ মেম আপুনিও কৰক ,, মই শিকাম ” এই ভিডিঅ ক্লিপটো ইতিমধ্যে ২ মিলিয়নৰো অধিক মানুহে চাইছে আৰু নেটিজেনসকলৰ পৰাও যথেষ্ট মৰম পাইছে । এই ভিডিঅ’ ক্লিপৰ জৰিয়তে মানুহক ‘তাৰে জমিন পাৰ ‘ শীৰ্ষক চলচ্চিত্রৰ আমিৰ খানৰ চৰিত্রটোৰ কথা মনত পেলাই দিছিল । বহুতে গুলাটিক তাইৰ শ্রেণীবোৰ হাঁহিৰে জীপাল কৰাৰ বাবে প্রশংসাৰে উপচাই পেলাইছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *