গৰুৰ চোৰাং বেহাৰ ধন মৌলবাদী শক্তিৰ হাতলৈ যোৱাৰ প্ৰমাণ আছে

Share
গৰুৰ চোৰাং বেহাৰ ধনৰ অংশ মৌলবাদী শক্তিৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে অসম আৰক্ষীৰ হাতত । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে চলা গো-ধনৰ অবৈধ বেহাক লৈ শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই ভাস্কৰজ্যোতি মহন্তই  এই দাবী কৰে । অসম আৰক্ষী সঞ্চালক প্ৰধান মহন্তই কয় যে আমি এতিয়া কিছুমান বিষয়ৰ সম্ভেদ পাই আছোঁ । গৰুৰ চোৰাং ব্যৱসায়ত বিপুল ধনৰাশি লাভ হয় । তাৰেই এটা বৃহৎ অংশ কিছুমান সীমান্তৰ সিপাৰৰ ভাৰতবিৰোধী শক্তিৰ হাতলৈ যায়। এই ধন ভাৰত বিৰোধী কামত খৰচ হোৱাৰ লগতে মৌলবাদী শক্তিসমূহে ব্যৱহাৰ কৰাৰ প্ৰমাণ আমাৰ হাতত আছে। পূৰ্বৰ তুলনাত অসমত গৰু চোৰাং বেহা যথেষ্ট হ্ৰাস পোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। 
ইফালে শেহতীয়াকৈ আলফা স্বাধীনৰ একাংশ যুৱক – যুৱতীয়ে যোগদান কৰা সন্দৰ্ভতো অসম আৰক্ষী সঞ্চালক প্ৰধান মহন্তই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ চাইবাৰ বিশেষজ্ঞ ৰ সহযোগত চি আই ডিয়ে বিষয়টোৰ অনুসন্ধান কৰি আছে। লগতে তেওঁ উল্লেখ কৰে যে, ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত ডেকা ল’ৰা বোৰক কৰ্মনিষ্ঠাত ব্যৱহাৰ কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *